ৰঙিয়া-কমলপুৰ ৰে’ল পথত ৰহস্যজনকভাৱে উদ্ধাৰ এজন যুৱকৰ মৃতদেহ

54

ৰঙিয়া-কমলপুৰ ৰেল পথত ৰহস্যজনকভাৱে উদ্ধাৰ এজন যুৱকৰ ক্ষত-বিক্ষত মৃতদেহ । যুৱকজনক হত্যা কৰাৰ সন্দেহ । উদ্ধাৰ হোৱা মৃতদেহটো নিজ কাউৰবাহাৰ মিন্টাজুল হক (২১) বুলি চিনাক্ত কৰা হৈছে । নিশা নিজ কৰ্মক্ষেত্ৰ বাইহাটা চাৰিআলিৰ পৰা ঘৰলৈ ওভতাৰ পথত দলমা গেইটৰ ৰেলৱে ট্ৰেকৰ সমীপত উদ্ধাৰ হৈছে মৃতদেহটো । যোৱা নিশা ৰেলৰ চালকে মৃতদেহটো প্ৰত্যক্ষ কৰি খবৰ দিয়া বুলি জানিব পৰা গৈছে । পিছত নিশাৰ ভাগতে ৰেল আৰক্ষীয়ে মৃতদেহটো ৰঙিয়া ষ্টেচনলৈ আনে । ওজা আৰ্ট মোভাৰ্চ প্ৰাইভেট লিমিটেডৰ বাইহাটা চাৰিআলি শাখাত মেকানিক হিচাপে কৰ্মৰত মিন্টাজুল হক । মৃতকৰ পৰিয়াল লোকে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰে । এক সূত্ৰৰ পৰা জানিব পৰা মতে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দলমা গেটৰ সমীপত মিন্টাজুলে বাইক ৰখাই থৈ কোনো লোকৰ সৈতে ফোনত কথা পাতে । ইয়াৰ পিছতে বাইকখন তাত থৈ ৰেল লাইনৰ ফালে তেওঁ কিছু দূৰ আগুৱাই যায় । তাৰ পিছত আৰু তেওঁ ঘূৰি নাহিল । কোনো লোকে যুৱকজনক হত্যা কৰি লাল লাইনত পেলাই থোৱা বুলি সন্দেহ কৰা হৈছে । অজ্ঞাত লোকে যুৱকজনক হত্যা কৰি দুৰ্ঘটনা অথবা আত্মহত্যাৰ ৰূপ দিয়াৰ বাবে এনে ঘটনা সংঘটিত কৰিছে নেকি বুলিও সন্দেহ কৰা হৈছে । আৰক্ষীৰ উচিত তদন্ততহে যুৱকজনৰ মৃত্যুৰ প্ৰকৃত ৰহস্য ওলাই পৰিব । সম্প্ৰতি ৰঙিয়া ষ্টেচনৰ মৰ্গত মৃতদেহটো ৰখা হৈছে ।