জৰাজীৰ্ণ বিদ্যালয়ত এজন শিক্ষকেৰে চলিছে ৬০গৰাকী শিক্ষাৰ্থীৰ পাঠদান চলিছে মাত্ৰ এজন শিক্ষকেৰে।চৰকাৰে গুণোৎসৱ আয়োজন কৰিও শৈক্ষিক পৰিৱেশ উন্নত কৰিব পৰা নাই বিটিআৰৰ বহু বিদ্যালয়।
শিক্ষাৰ নৱদ্বীপ ৰূপে খ্যাত পৰ্বৰঝোৰাত শিক্ষা খণ্ডৰ এক পয়ালগা ৰূপ। পৰ্বতঝোৰাত ইখনৰ পিছত সিখন প্ৰাথমিক বিদ্যালয়ৰ পুতোলগা ছবিয়ে উদঙাই আহিছে ৰাজ্যৰ শিক্ষা বিভাগৰ চৰম ব্যৰ্থতা। কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা শিক্ষা খণ্ডৰ অন্তৰ্গত ফালাকাটাত এখন জৰাজীৰ্ণ চৰকাৰী প্ৰাথমিক বিদ্যালয়খনত নাই শ্ৰেণী কোঠা , নাই খোৱা পানীৰ কোনো ব্যৱস্থা , নাই পৰ্য্যাপ্ত শিক্ষক যাৰ ফলত উপযুক্ত পাঠদানৰ পৰা বঞ্চিত হ’বলগা হৈছে শিক্ষাৰ্থীসকল । পৰ্বতঝোৰা শিক্ষা খণ্ডৰ অন্তৰ্গত ফালাকাটা প্ৰথম খণ্ড বিশুবাছৰা প্ৰাথমিক বিদ্যালয়ত এজন শিক্ষকেৰে চলি আছে পাঠদান। পূৰ্বতে বিদ্যালয়খনত চৰকাৰে এগৰাকী টিউটৰ শিক্ষক নিযুক্তি দিছিল যদিও চৰকাৰী নিৰ্দেশত পুনৰ শিক্ষকজনক অন্য স্থানলৈ বদলি কৰে।
ইফালে সচেতন মহলত বহুতো প্ৰশ্নৰ উদয় হৈছে যে কি হ’ব এই সকল ছাত্ৰ -ছাত্ৰীসকল ভবিষ্যত।
পাঠদানৰ ক্ষেত্ৰত স্থানীয় ব্যক্তিৰ গৃহত দিবলগা হৈছে পাঠদান।
প্ৰধান শিক্ষক গৰাকী বিষয়টো বহুবাৰ কতৃপক্ষক দৃষ্টিগোচৰ কৰাইছে যদিও এইক্ষেত্ৰত কেৱল ‘আস্বাস’ৰ বাহিৰে আন একো ফল পোৱা নাই বুলি আক্ষেপ কৰে।