৩ বজাৰ লগে লগে বক্সিং ৰিঙত নামিব অসম কন্যা

ভাৰত তথা অসমৰ বাবে আজি এটা ডাঙৰ দিন। কিয়নো পেৰিছ অলিম্পিকত আজি অসম কন্যা লাভলীনা বৰগোহাঁয়ে কোৱাৰ্টাৰ ফাইনেল খেলিব। উল্লেখ কৰা প্ৰয়োজন যে, অলিম্পিকৰ প্ৰথমখন খেলত মহিলাৰ ৭৫কেজি শাখাৰ ১৬নং ৰাউণ্ডৰ মেচত নৰৱেৰ চুনিভা হফষ্টেডক পৰাস্ত কৰিছিল লাভলীনাই। আজি অলিম্পিকৰ বক্সিং ৰিঙত নামিব অসম কন্যা লাভলীনা। চীনৰ বক্সাৰ লী কিয়ানৰ সন্মুখত লাভলীনাৰ যুজঁ।প্ৰতিযোগিতাৰ ৰেংকিঙৰ শীৰ্ষ প্ৰতিদ্বন্দী হৈছে লী কিয়ান।আজি খেলখনত জয়ী হ’লেই এখোজ আগুৱাব লাভনীলাই।প্ৰতিযোগিৰ তালিকাত অষ্টম স্থানত আছে লাভলীনাৰ নাম।আজি ৩.০২বজাত আৰম্ভ হ’ব খেলখন।অসম কন্যা লাভলীনাৰ জয়ৰ বাবে আপুনিও প্রার্থনা কৰক।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *