১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ বেদেতী চেন্টাৰত পথ অবৰোধ।বেদেতীৰ ৰেলৱে ষ্টেচন পথ আৰু গাৱঁলৈ যোৱা পথ বন্ধ কৰাৰ প্ৰতিবাদত বেদেতীত DCC ৰ বিৰুদ্ধে পথ অবৰোধ তিনি শতাধিক ৰাইজৰ ।বিহালীৰ বেদেতীৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত তিনি শতাধিক ৰাইজৰ উত্তাল প্ৰতিবাদ । চাৰিলেণ্ড যুক্ত পথ নিৰ্মাণকাৰী সংস্থা কোম্পানী গ’বেক , আমাৰ গাৱঁলৈ আৰু ৰেলৱে ৰাস্তা লাগিব আদি শ্ল’গানে বেদেতীত আকাশ বতাহ কঁপাই তোলে। বিহালী আৰক্ষী থানাৰ ভাৰ প্ৰাপ্ত আৰক্ষী বিষয়া হৰেন গগৈয়ে ৰাইজক পথ বন্ধ নকৰাকৈ প্ৰতিবাদ সাব্যস্ত কৰিবৰ বাবে আহ্বান জনায় যদিও উত্তেজিত ৰাইজে মানি নলয় । অৱশেষত কাৰ্যবাহী দণ্ডাধিশ দেবানন্দ নাথৰ উপস্থিতিত ৰাইজৰ প্ৰদান কৰা স্মাৰক পত্ৰ গ্ৰহণ কৰে আৰু উত্তেজিত ৰাইজক ৰাস্তা খোলি দিয়াৰ আশ্বাস প্ৰদান কৰে।