হিমাচল প্ৰদেশত ডাৱৰ বিস্ফোৰণ

93

হিমাচল প্ৰদেশত ডাৱৰ বিস্ফোৰণ।

কুৰিৰো অধিক লোক সন্ধানহীন।

হিমাচল প্ৰদেশৰ কুলুত ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হৈছে প্ৰলয়ৰ।

মালানা শক্তি প্ৰকল্পৰ বিস্তৰ ক্ষতি হৈছে এই ডাৱৰ বিস্ফোৰণত।

বানৰ প্ৰবাল সোঁতে উটুৱাই নিয়ে বিদ্যালয় গৃহ,বহু পৰিয়ালৰ ঘৰ আদি।

ইতিমধ্যে প্ৰলয়ক প্ৰত্যাহ্বান জনাই এছ ডি আৰ এফে যুদ্ধকালীনভাৱে চলাইছে উদ্ধাৰ অভিযান।

ডাৱৰ বিস্ফোৰণৰ ফলত এতিয়ালৈকে অঞ্চলটোৰ প্ৰায় ২০ জন লোক সন্ধানহীন হোৱাৰ খবৰ পোৱা গৈছে।

এই ঘটনাৰ পিছৰে পৰা অঞ্চলটোৰ লোকসকলৰ মাজত আতংকৰ সৃষ্টি হৈছে।