হাজোৰ ২ নং শৌলমাৰীত প্ৰৱল গৰাখহনীয়াত শংকিত ৰাইজ

হাজোৰ ২ নং শৌলমাৰীত প্ৰৱল গৰাখহনীয়াত শংকিত ৰাইজ;চৰকাৰলৈ স্থায়ী সমাধানৰ দাবী গঞা ৰাইজৰ

কামৰূপ জিলাৰ হাজো সমষ্টিৰ অন্তৰ্গত ২ নং শৌলমাৰীৰ সমীপৱৰ্তী ব্ৰহ্মপুত্ৰৰ সুতিৰ লগতে পুঠিমাৰী নৈৰ প্ৰৱল গৰাখহনীয়াৰ কৱলত পৰা পৰিলক্ষিত হৈছে অঞ্চলবাসী। যাৰ বাবেই প্ৰতিদিনেই শংকিত হৈ পৰিছে গাওঁবাসী। বছৰ বছৰ ধৰি নৈৰ প্ৰৱল খহনীয়াৰ ফলত উছন হৈছে বহুতো পৰিয়ালৰ । শ শ বিঘা কৃষিভূমি নৈৰ বুকুত জাহ গৈছে । শৌলমাৰীত স্থাপন কৰা একমাত্ৰ প্ৰাথমিক বিদ্যালয় খনো বিগত সময়চোৱাত গৰখহনীয়াৰ কবলত কেইবাবাৰো স্থানান্তৰিত কৰিব লগীয়া হৈছিল । কৃষিজীৱী ৰাইজৰ কৃষিভূমি গৰাখহনীয়াৰ কৱলত পৰি সংকুচিত হৈ পৰিছে । কৃষি প্ৰধান অঞ্চলৰ ২ নং শৌলমাৰীত বাঢ়নী পানীয়ে ব্যাপক ভাৱে খহনীয়াৰ সৃষ্টি কৰাৰ পিছত আজি স্থানীয় ৰাইজে অদৃশ্য জনৰ ওচৰত দোৱা প্ৰাৰ্থনা আদায়েৰে নৈ খনৰ পাৰত একত্ৰিত হ’য়। ইফালে জনপ্ৰতিনিধি তথা চৰকাৰৰ বিভাগীয় কতৃপক্ষই গৰাখহনীয়া ৰোধ কৰাৰ বাবে বিগত সময়চোৱাত কোনো ধৰনৰ ফলপ্ৰসু ব্যৱস্থা হাতত নোলোৱাত অঞ্চল বাসী ৰাইজে গভীৰ ক্ষোভ প্ৰকাশ কৰিছে । সেয়েহে বৃহত্তৰ ২ নং শৌলমাৰীত থকা প্ৰাথমিক বিদ্যালয়,একমাত্র চিকিৎসালয় খনৰ উপৰিও কৃষিভূমি সমূহ গৰাখহনীয়াৰ কৱলৰ ৰক্ষা কৰাৰ পৰিকল্পনা যুগত কৰি সু ব্যৱস্থা গ্ৰহণৰে স্থায়ী সমাধান কৰিবলৈ স্থানীয় বিধায়িকাৰ উপৰিও বিভাগীয় কতৃপক্ষৰ ওচৰত দাৱী জনাইছে ৰাইজে।অৱশ্যে অনাগত দিনত চৰকাৰ প্ৰশাষনে কি ব্যৱস্থা গ্ৰহন কৰে সেয়া সময়তহে লক্ষ্যনীয় বিষয় হ’ব।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *