সৰভোগৰ ব্ৰজসদন প্ৰাংগণত আম আদমি পাৰ্টীত অৰ্ধ শতাধিক বিজেপি চিপিআইএমৰ কৰ্মীৰ যোগদান

সৰভোগৰ ব্ৰজসদন প্ৰাংগণত আম আদমি পাৰ্টীত অৰ্ধ শতাধিক বিজেপি চিপিআইএমৰ কৰ্মীৰ যোগদান।অসমত আম আদমি পাৰ্টীৰ ব্যাপক উত্থাপন হোৱা পৰিলক্ষিত হৈছে। অসমৰ বিভিন্ন ৰাজনৈতিক দল সমূহৰ পৰা বৰ বৰ নেতা সকলে আম আদমি পাৰ্টীত যোগদান কৰি আছে । আজি সৰভোগ ব্ৰজসদন প্ৰাংগণত সুৰেন তালুকদাৰৰ সভাপতিত্বত আৰু জিলা পৰ্য্যায়ৰ নেতৃৰ সহযোগত অৰ্ধ শতাধিক কৰ্মীয়ে আম আদমি পাৰ্টীত যোগদান কৰে । অসমৰ বানপানী ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে । বানাক্ৰান্ত লোকসকলক উপযুক্ত আৰ্থিক সাহাৰ্য প্ৰদান কৰিব লাগে । শিক্ষাসমূহ দিল্লী শিক্ষাৰ দৰে গঢ়ি তুলিব লাগে। ইপিনে আম আদমি পাৰ্টীৰ সৎ তথা কামৰ ৰাজনীতিত দিল্লীৰ লগতে গোটেই ভাৰতত মহিলাৰ লগতে পুৰুষৰ ভূমিকা অপৰিসীম। অসমৰ মহিলাৰ এই ভূমিকাক সংগঠিত কৰি মহিলাৰ ৰাজনৈতিক শক্তি বৃদ্ধি কৰিবলৈ আপ অসমে “আপ মহিলা শক্তি” অসম ৰাজ্যিক সমিতিৰ পুণৰ গঠনৰ লগতে বিজেপি চৰকাৰে মহিলাসকলক অসমৰ বিভিন্ন দিশৰ পৰা বঞ্চিত কৰিছে।

“আপ মহিলা শক্তি” অসম ৰাজ্যিক সমিতিয়ে আম আদমি পাৰ্টীত বিশেষ স্থান দিয়ে । দিল্লী আৰু পাঞ্জাৱৰ দৰে অসমখন আম আদমি পাৰ্টীয়ে স্বচ্ছ নিকাপূৰ্ণ দুৰ্নীতি মুক্ত কৰিব বুলি সদৰি কৰে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *