স্বাধীনতাৰ পিছত এটা অলিম্পিকত দুটা পদক অৰ্জন কৰা প্ৰথম ভাৰতীয় মনু ভাকাৰ

68

পেৰিছ অলিম্পিকত শ্বুটাৰ মনু ভাকাৰে ৰচিলে ইতিহাস। ১০ মিটাৰ এয়াৰ পিষ্টলৰ একক প্ৰতিযোগিতাত পেৰিছ অলিম্পিকত ভাৰতৰ হৈ প্ৰথমটো পদক (ব্ৰঞ্জ) অৰ্জন কৰা মনু ভাকাৰে এইবাৰ মিক্সড দলৰ শ্ৰেণীত পদক অৰ্জন কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনাই নহয় ইতিহাসো ৰচিলে। স্বাধীনতাৰ পিছত একেখন অলিম্পিকত দুটা পদক অৰ্জন কৰা মনু ভাকাৰ প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হৈছে। যিয়ে মঙলবাৰে পেৰিছ অলিম্পিকত ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড দলৰ শ্ৰেণীত দক্ষিণ কোৰিয়াক পৰাস্ত কৰি সৰবজোত সিঙৰে ব্ৰঞ্জৰ পদক অৰ্জন কৰি ইতিহাস সৃষ্টি কৰে। ভাৰতীয় যুটিটোৱে কোৰিয়াৰ লী ৱানহো আৰু ওহ য়ে জিনক ১৬-১০ত পৰাস্ত কৰি ভাৰতক এই অলিম্পিকত দ্বিতীয়টো পদক প্ৰদান কৰে। ইয়াৰ আগতে, মনুৱে মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত ব্ৰঞ্জৰ পদক জিকিছিল। মনুৱে এতিয়াও ২৫ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত প্ৰতিদ্বন্দিতা কৰিবলৈ বাকী আছে আৰু তৃতীয় পদক জিকাৰ সুযোগ আছে। ১০ মিটাৰ এয়াৰ পিষ্টল ব্যক্তিগত শ্ৰেণীত ৫৭৭ পইন্টৰ সৈতে নৱম স্থান লাভ কৰাৰ পিছত চাৰবজোতে ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ ব্যৰ্থ হৈছিল। মনু আৰু চাৰবজোতে অৰ্হতা ৰাউণ্ডত ৫৮০ পইন্ট কৰাৰ পিছত ব্ৰঞ্জৰ পদকৰ বাবে যোগ্যতা অৰ্জন কৰিছিল। মনুৱে জিকাৰ পিছত কয়-মই বৰ গৌৰৱ অনুভৱ কৰিছো। শুভকামনাৰ বাবে সকলোকে ধন্যবাদ। আমি বিপক্ষৰ প্ৰদৰ্শন নিয়ন্ত্ৰণ কৰিব নোৱাৰো, কিন্তু আমাৰ প্ৰদৰ্শন আমাৰ সৈতে আছে। মই আৰু মোৰ সংগীয়ে আমাৰ সৰ্বশ্ৰেষ্ঠ প্ৰচেষ্টা কৰিছিলো আৰু শেষলৈকে যুঁজ এৰি দিয়া নাছিলো। উল্লেখ্য যে ব্ৰিটিছ বংশোদ্ভুত ভাৰতীয় খেলুৱৈ নৰমান প্ৰিচাৰ্ডে ১৯০০ চনৰ অলিম্পিকত ২০০ মিটাৰ স্প্ৰিণ্ট আৰু ২০০ মিটাৰ হৰ্ডলছত ৰূপৰ পদক জিকিছিল, কিন্তু সেই কৃতিত্ব স্বাধীনতাৰ আগতে আছিল। ব্যক্তিগত শ্ৰেণীত বিফল হোৱাৰ পিছত আম্বালা শ্বুটাৰ সৰবজোত ভাল প্ৰদৰ্শন কৰিবলৈ যথেষ্ট চাপত আছিল। প্ৰধানমন্ত্ৰীয়ে এই সফলতাৰ পিছত কয় – আমাৰ শ্বুটাৰসকলে আমাক গৌৰৱান্বিত কৰি আছে। অলিম্পিকত ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড টীম ইভেণ্টত ব্ৰঞ্জ জয় কৰাৰ বাবে মনু ভাকাৰ আৰু সৰবজোত সিঙক অভিনন্দন জনাইছো। দুয়োজনে যথেষ্ট দক্ষতা আৰু দলবদ্ধ কাম দেখুৱাইছে। ভাৰত বহুত সুখী। এইটো মনুৰ একেৰাহে দ্বিতীয় অলিম্পিক পদক, যিয়ে তেওঁৰ নিৰন্তৰ উৎকৰ্ষতা আৰু নিষ্ঠাৰ কথা কয়।