সোনাপুৰ এতিয়া অবাধ হাৰত চলিছে বন ধংস যজ্ঞ

সোনাপুৰ এতিয়া অবাধ হাৰত চলিছে বন ধংস যজ্ঞ।দিনে নিশাই কাটি তহিলং কৰিছে সেউজ পাহাৰ।বন বিভাগক মেনেজ কৰি চলিছে ধংস লীলা।যাৰ ফলত ক্ষেত্ৰীৰ ৰেৱামহেশ্বৰত সংঘটিত হয় এক ভয়াবহ ঘটনা।অবৈধ ভাবে পাহাৰ খননৰ ভয়ংকৰ পৰিণতিত অকাল মৃত্যুক সাৱটিলে এজন লোকে। প্ৰাপ্ত তথ্য মতে পাহাৰৰ ৰঙা মাটি কাটি থকা অৱস্থাত পাহাৰৰ ৰঙা মাটি খহি আহি দীপক বৰুৱা নামৰ ব্যক্তি জনক পাহাৰৰ ৰঙা মাটিয়ে পুতি পেলালে। যাৰ ফলত অকাল মৃত্যুক সাবতি লৱ লগীয়া ব্যক্তি জনে। উল্লেখযোগ্য যে ডিমৰীয়াৰ প্ৰতিখন পাহাৰত এতিয়া জেচিবিৰ হাতোৰা পৰিছে। কিন্তু নিৰৱ দৰ্শকৰ ৰূপত কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু বন বিভাগ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *