সুলভ মূল্যৰ চাউলৰ নামত বৰবিহ

মাৰ্ঘেৰিটাত সুলভ মূল্যৰ দোকানত খোৱা অনুপযোগী চাউল।চাউলৰ নামত বহবিহ যোগান চাউল যোগান ধৰাৰ ঠিকাদাৰৰ। যি সময়ত চৰকাৰে খাদ্য সুৰক্ষা আইনৰ অধীনত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ যোগেদি আৰ্থিক ভাৱে পিছপৰা পৰিয়ালক খাদ্য সামগ্ৰী যোগান ধৰি পৰিয়ালসমূহক সহায় কৰি আহিছে।কিন্তু যোগান বিভাগৰ নিৰ্লিপ্ততাৰ সুযোগ গ্ৰহণ কৰি চাউল যোগানৰ নিবিদাৰ লাভ কৰাৰ ঠিকাদাৰে একাংশ সুলভ মূল্যৰ দোকানত প্ৰদান কৰাৰ চাউলৰ নমুনা দেখিলে আপুনি ভাৱিবলৈ বাধ্য হব এইয়া খাদ্য নামত প্ৰকৃততে কি যোগান ধৰা হৈছে? বৰবিহ!মাৰ্ঘেৰিটা যোগান বিভাগৰ অধীনস্থ সুলভ মূল্য দোকানত চাউলৰ নামত যোগান ধৰা হৈছে বৰবিহ। মাৰ্ঘেৰিটা অনিল চন্দ্ৰ গোপ নামৰ সুলভ মূল্যৰ দোকানত এই অৱস্থা চাউলৰ। খোৱাৰ বাবে অনুপযোগী চাউলসমূহ। হিতাধিকাৰীসকলে খোৱা অনুপযোগী চাউল গ্ৰহণ কৰিবলৈ মান্তি নহয়। এইলৈ হিতাধিকাৰীসকলে আজি অনিল চন্দ্ৰ গোপ নামৰ সুলভ মূল্য দোকানখনত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে। ৰাইজে এই ক্ষেত্ৰত মাৰ্ঘেৰিটা যোগান বিভাগক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনোৱা লগতে খোৱা অনুপযোগী চাউলৰ পৰিবৰ্তে খোৱা উপযোগী চাউল দিবলৈ আহ্বান জনায়।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *