সলনি হ’ব অসমৰ মানচিত্ৰ

সলনি হব অসমৰ মানচিত্ৰ ৷ অসম অৰুণাচলৰ দীৰ্ঘদিনীয়া সীমা বিবাদৰ সমস্যা সমাধানৰ পথত।দীর্ঘ দিন ধৰি অসম অৰুণাচলৰ সীমা বিবাদে বিভিন্ন সময়ত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰি থকাৰ সময়তে দীৰ্ঘদিনীয়া এই সীমা বিবাদৰ সমস্যা সমাধান হোৱাৰ পথত আগবাঢ়িছে অসম অৰুণাচল সীমান্তৱৰ্তী চিজুচাত৷ শুক্ৰবাৰে অসম চৰকাৰৰ মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু অৰুণাচলৰ বন মন্ত্ৰী মামা নাটুংৰ মাজত চিজুচাত হোৱা বৈঠকৰ অন্তত এই কথা প্ৰকাশ কৰে দুয়োখন ৰাজ্যৰ মন্ত্ৰীদ্বয়ে৷ চিজুচাৰ বৰদিকৰাই নদীৰ উত্তৰ দিশত অসমৰ দখলত থকা পাকে টাইগাৰ ৰিজাৰ্ভৰ মাটি অৰুণাচলে দখল কৰি আছিল যদিও আজি হোৱা বৈঠকৰ অন্তত এই মাটি অৰুণাচলকে দি দিয়াৰ বিপৰীতে সম পৰিমাণৰ মাটি অৰুণাচল প্ৰদেশে অসমক এৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ ইতিমধ্যে অসমৰ ভূমিত অৰুণাছলে গড়কপ্তানী বিভাগ, বন বিভাগ আদিৰ কাৰ্যালয় নিৰ্মান কৰিছে : মন্ত্ৰী পিয়ুছ হাজৰিকা ৷ অসম অৰুণাচলৰ এই মন্ত্ৰী পৰ্যায়ৰ বৈঠকত দুয়োখন ৰাজ্যৰ প্ৰশাসনীয় বিষয়াসকলৰ লগতে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা আৰু ১২নং পাকে কেচাংৰ বিধায়ক বিহুৰাম ৱাগেও উপস্থিত আছিল৷ এইদৰে আলোচনাৰ মাধ্যমেৰে অসম অৰুণাচলৰ সীমা বিবাদৰ এটা অংশ সমাধানৰ পথত আগবঢ়াতো দুয়োখন ৰাজ্যৰ বাবেই ইতিবাচক দিশ হিচাপে বিবেচিত হৈছে৷ ইফালে এই সীদ্ধান্তৰ জড়িয়তে সলনি হৈ পৰিব দুয়োখন ৰাজ্যৰ মানচিত্ৰ ৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *