সমষ্টিৰ সীমা নিৰ্ধাৰণক লৈ ড:হিমন্ত বিশ্ব শৰ্মা আৰু জাতীয় সংগঠন সদৌ অসম ছাত্ৰ সন্থাৰ গোপন অভিসন্ধি চলাৰ সন্দেহ

সমষ্টিৰ সীমা নিৰ্ধাৰণক লৈ ড:হিমন্ত বিশ্ব শৰ্মা আৰু জাতীয় সংগঠন সদৌ অসম ছাত্ৰ সন্থাৰ গোপন অভিসন্ধি চলাৰ সন্দেহ ।এই বিস্ফোৰক মন্তব্য সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিমৰ ।
বৃহস্পতিবাৰে বিলাসীপাৰাৰ নায়েৰ আলগাত অনুষ্ঠিত বিশাল প্ৰতিবাদী সভাত মুখ্য অতিথি হিচাবে উপস্থিত থাকি ছাত্ৰ নেতা জনে কয় যে, অতি সম্প্ৰতি সমগ্ৰ ৰাজ্যতে খলকনিৰ সৃষ্টি কৰা সমষ্টিৰ সীমা নিৰ্ধাৰণৰ খচৰা প্ৰস্তুতৰ সম্পূৰ্ণ ২২টা দিন অতিক্ৰম কৰাৰ পিছত কালিহে ওলাই আহিছে আছু ।
আছুয়ে চৰকাৰৰ লগত সমষ্টিৰ সীমা নিৰ্ধাৰণ সন্দৰ্ভত আলোচনাত মিলিত হৈ ১৯৯১ চনৰ লোক পিয়ল মতে হ’ব লাগে বুলি মন্তব্য কৰিছে ।
এয়া দুৰ্ভাগ্যজনক বুলি কয় আমছু’ৰ সভাপতি জনে ।
আছুৰ এই মন্তব্য চৰকাৰৰ সৈতে গোপন অভিসন্ধি বুলি সন্দেহ প্ৰকাশ কৰিছে আমছু নেতা জনে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *