শিৱসাগৰত বোৱাৰী নিৰ্যাতন

শিৱসাগৰত বোৱাৰী নিৰ্যাতন।শিক্ষয়িত্ৰী শাহুৰ বিৰোদ্ধে ভয়ংকৰ অভিযোগ বোৱাৰীৰ । যৌতুক বিচাৰি বোৱাৰীক নিৰ্যাতন শাহু-শহুৰ আৰু স্বামী গৃহৰ । শিলিগুৰিত বিক্ৰীৰ কৰি দিয়াৰো ভাবুকি প্ৰদান কৰিছে বোৱাৰীয়েক।


উল্লেখযোগ্য যে শিৱসাগৰ আখৈফুটীয়াৰ বাঢ়ৈটিঙত বোৱাৰীক স্বামী, শহুৰ শাহু লগলাগি শাৰীৰিক মানসিক নিৰ্যাতন চলোৱাৰ লগতে শিলিগুৰিত বিক্ৰী কৰাৰ ভাবুকি দিয়াৰ অভিযোগ । বোৱাৰী গৰাকীয়ে এই গুৰুতৰ অভিযোগ উত্থাপন কৰি শিৱসাগৰ সদৰ থানাত দাখিল কৰিছে এজাহাৰ।


গায়ত্ৰী গগৈ নামৰ মহিলা গৰাকীয়ে গিৰিয়েক বিমান চেতিয়া, শহুৰ গিৰিশ চেতিয়া আৰু শাহু তথা পেছাত শিক্ষয়িত্ৰী আৰতি চেতিয়াৰ বিৰুদ্ধে উত্থাপন কৰিছে এই গুৰুতৰ অভিযোগ।


অভিযোগ অনুসৰি ডেৰ বছৰ পূৰ্বে ঢকুৱাখানাৰ গায়ত্ৰী গগৈৰ শিৱসাগৰ বাঢ়ৈ টিঙৰ বিমান চেতিয়াৰ সৈতে বিয়া হৈছিল। তাৰ পিছৰে পৰা স্বামীগৃহই যৌতুকৰ দাবী কৰি অহাৰ লগতে নিৰ্যাতন চলাইছিল বুলি গায়ত্রী গগৈয়ে জনাই । শেহতীয়াকৈ কেৰাচিন ঢালি জ্বলাই দিব বুলিও দিছিল ভাবুকি । এই গুৰুতৰ অভিযোগ গায়ত্ৰী গগৈৰ । উপায়হীন হৈ আৰক্ষীৰ কাষ চপা মহিলা গৰাকীৰ লগতে তেওঁৰ মাতৃয়ে বৰ্তমান সহায় বিচাৰি উচুপি উঠিছে।

লক্ষ্যণীয় যে শাহু-শহুৰে ডাঙৰ বোৱাৰীয়েককো এটা সময়ত অত্যাচাৰ কৰা বাবেই বেলেগে থাকিবলৈ লোৱা বুলি অভিযোগ উত্থাপন কৰিছে।

ইপিনে শাহুৱেকে নিৰ্যাতনৰ অভিযোগ ভিত্তিহীন আখ্যা দিয়াৰ লগতে কথাৰ প্ৰসংগত ” শিলিগুৰিত বিক্ৰী কৰি দিম” বুলি কৈছিল বুলি স্বীকাৰ কৰিছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *