শিলচৰ আৰক্ষীৰ বৃহৎ সফলতা

নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই শিলচৰ আৰক্ষীয়ে বৃহৎ পৰিমাণৰ কফ ছিৰাপ জব্দ কৰিছে। গোপন তথ্যৰ ভিত্তিত শিলচৰ কাঠাল ৰোডৰ এটি গোডামত তালাচী চলাই আৰক্ষীয়ে জব্দ কৰিছে চাৰিশ (৪০০) বটল ফেঞ্চিডাইল কফ ছিৰাপ।
কুৰিয়াৰ ছাৰ্ভিছৰ সামগ্ৰী কঢ়িওয়া এটা পাৰ্চেলত এই নিচাজাতীয় কফ ছিৰাপ সৰবৰাহৰ খবৰ লাভ কৰিছিল আৰক্ষীয়ে। এই খবৰৰ ভিত্তিত ৰাংগিৰখাৰী আৰু শিলচৰ সদৰ থানাৰ টাউন ব্ৰাঞ্চৰ আৰক্ষীয়ে যুটীয়া অভিযান চলায় কুৰিয়াৰ ছাৰ্ভিছৰ গুডামটোত ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *