শালপাৰা গাওঁ পঞ্চায়তত চলিছে ব্যাপক অৰাজকতা

চামগুৰি লাওঁখোৱা উন্নয়ন খণ্ডৰ শালপাৰা গাওঁ পঞ্চায়তত চলিছে ব্যাপক অৰাজকতা। পঞ্চায়তটোত কৰ্মচাৰীৰ কৰ্তব্যত চৰম গাফিলতিৰ অভিযোগ উত্থাপিত হৈছে, পঞ্চায়তটোত এজন বা দুজন কৰ্মচাৰীৰ বাহিৰে সময়মতে উপস্থিত নাথাকে বাকী কৰ্মচাৰী সকল। পঞ্চায়তটোত স্থানীয় ব্যক্তি সকলে দিনৰ পিছত দিন গুৰি ফুৰিলেও লগ নাপায় পঞ্চায়ত সচিবৰ লগতে পঞ্চায়ত গ্ৰাম ৰৌজগাৰ সহায়কক। এক কদৰ্যময় পৰিবেশ বিৰাজ কৰিছে পঞ্চায়তটোত। নাই খোৱা পানীৰ ব্যৱস্থা, নাই কোনো ধৰণৰ শৌচালয়। গৰু-ছাগলীৰ মলমূত্ৰৰে এক অস্বাস্থ্যকৰ পৰিবেশৰ মাজেৰে চলিছে শালপাৰা গাওঁ পঞ্চায়ত খন। চৰকাৰক এই পঞ্চায়ত খনত অতি শীঘ্ৰেই দৃষ্টি নিক্ষেপ কৰাৰ বাবে আহ্বান জনাইছে পঞ্চায়ত খনত অহা ভুক্তভোগী ৰাইজে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *