লাহৰিঘাটৰ সাহচৰাৰ পৰা ড্ৰাগছ সহ গ্ৰেপ্তাৰ এজন।

লাহৰিঘাটৰ সাহচৰাৰ পৰা ড্ৰাগছ সহ গ্ৰেপ্তাৰ এজন।

মৰিগাঁও জিলাৰ ভেলুগুৰি আৰক্ষী থানাৰ অন্তৰ্গত সাহচৰা গাঁৱৰ পৰা এজন ড্ৰাগছ ব্যৱসায়িক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ভেলুগুৰি আৰক্ষীয়ে।

এক গোপন সূত্ৰৰ পম খেদি ভেলুগুৰি আৰক্ষীয়ে সাহচৰা গাঁৱৰ জাকিৰ হুছেইন নামৰ ব্যক্তি জনৰ ঘৰত তালাচি চলাই আৰু তিনিটা ড্ৰাগছ ভৰ্তি কেণ্টিনাৰ,এটা মোবাইল ফোন সহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
গ্ৰেপ্তাৰ কৰা জাকিৰ হুছেইন আৰু তেওঁৰ পত্নীয়ে পূৰ্বেও কেইবাবাৰ ড্ৰাগছ সংক্ৰান্তীয় গোচৰত জেল হাজোতলৈ গৈছে যদিও জামিন লাভ কৰি আহি একেই ড্ৰাগছৰ ব্যৱসায়ত জড়িত হৈ পৰিছিল।

ইতিমধ্যে ভেলুগুৰি আৰক্ষীয়ে জাকিৰ হুছেইনক সাহচৰাৰ নিজৰ বাসগৃহৰ পৰা কৰায়ত্ত কৰি থানালৈ যায়।
ড্ৰাগছ ব্যৱসায়ী জাকিৰ হুছেইনক গ্ৰেপ্তাৰ কৰাত স্থানীয় লোকে আৰক্ষী প্ৰশাসনক প্ৰশংসা কৰা পৰিলক্ষিত হৈছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *