লখিমপুৰ জিলাৰ গাভৰু টুনিজানত ভয়ঙ্কৰ দূৰ্ঘটনা। এখন ট্ৰেনে মহটিয়াই যায় এহাল পতি পত্নীক। গাভৰু টুনিজানত এই ঘটনা সংঘটিত হয়।জানিব পৰামতে দুয়োৰে নাম চন্দ্ৰকান্ত শইকীয়া আৰু তেওঁৰ পত্নী শুৱলা শইকীয়া । দুয়ো ২টা সন্তানৰ পিতৃ মাতৃ আছিল বুলি জানিব পৰা গৈছে।লখিমপুৰ জিলাৰ উত্তৰ লালুক গাওঁ পঞ্চায়তৰ অন্তৰ্গত অনুৱৈছা গাঁৱৰ নিবাসী বুলি জানিব পৰা গৈছে।
ৰেলৱে ক্ৰছিং নথকাৰ বাবে ৰেল লাইনৰ ওপৰেৰে মানুহ অহাযোৱা কৰিবলৈ বাধ্য হয়। কেবাখনো গাৱঁৰ জনসাধাৰণ এই পথেৰে অতি বিপদজনক ভাৱে চলাচল কৰি আছে।
স্হানীয় ৰাইজে বহুবাৰ প্ৰতিবাদ কৰাৰ পাছতো এখন ৰেলগেট পাবলৈ সক্ষম নহল ।
ঘটনাস্থলীত লালুক আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নয়ন জ্যোতি ডেকা উপস্থিত হৈ ৰেলৱে আৰক্ষীক যোগাযোগ কৰি মাৰোনত্বৰ পৰীক্ষাৰ বাবে মৃতদেহ লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
