যোৰহাটৰ ওপৰ গৰুমৰাত সন্ত্ৰাস সৃষ্টিকৰা নাহৰফুটুকী পিঞ্জৰাবদ্ধ

যোৰহাটৰ ওপৰ গৰুমৰাত সন্ত্ৰাস সৃষ্টিকৰা নাহৰফুটুকী পিঞ্জৰাবদ্ধ। যোৰহাটৰ উত্তৰ-পশ্চিম প্ৰান্তৰ ওপৰ গৰুমৰাত সন্ত্ৰাস সৃষ্টি কৰা নাহৰফুটুকী বাঘটো আজি পিঞ্জৰাবদ্ধ হয়। যোৰহাট জিলা বন বিভাগে অঞ্চলটোৰ এখন হাবিত স্থাপন কৰা পিঞ্জৰাত বাঘটো আবদ্ধ হোৱাৰ পাছত ৰাইজে পৰ্তক্ষ কৰি জিলা বন বিভাগক খবৰ দিয়াত ঘটনা স্থলিত বন কৰ্মী উপস্থিত হৈ বাঘটো উদ্ধাৰ কৰি লৈ যায় . উল্লেখ্য যে বাঘটোৱে কিছুদিন পূৰ্বে অন্চলটোত সন্ত্ৰাস সৃষ্টি কৰি ম’হ চৰাই থকা যতিন বৰা নামৰ এজন যুৱকক আক্ৰমন চলাই আঘাটপ্ৰাপ্ত কৰে. বৰ্তমান যুৱকজন ডিব্ৰুগড়ত চিকিৎসাধীন হৈ আছে. ইফালে এই ঘটনাৰ পাছতে বাঘ ধৰিবলৈ জিলা বন বিভাগে ওপৰ গৰুমৰাৰ এখন হাবিত স্থাপন কৰে এটা পিঞ্জৰা. যাৰ ফলত সেই পিঞ্জৰাতেই আবদ্ধ হয় বাঘটো. এতিয়া বাঘ পিঞ্জৰাবদ্ধ হোৱাৰ পাছতে অঞ্চলবাসীয়ে সষ্টিৰ নিশ্বাস পেলাই।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *