মৰিগাঁৱত দুই ছীম কাৰ্ড ব্যৱসায়ীক গ্ৰেপ্তাৰ

মৰিগাঁওত পুনৰ ভুৱা চিম কাৰ্ড, phone pay , google pay scaner সহ দুই চাইবাৰ অপৰাধী আটক । মৰিগাঁৱত দুই ছীম কাৰ্ড ব্যৱসায়ীক গ্ৰেপ্তাৰ । মৰিগাঁও জিলা আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত চলোৱা অভিযানত গ্ৰেপ্তাৰ হোৱা দুই চাইবাৰ অপৰাধী ক্ৰমে জাবেদ আৰু চাইফুল ইছলাম । দুয়োৰে ঘৰ মৰিগাঁও জিলাৰ জাগীৰোড আৰক্ষী থানাৰ অন্তৰ্গত ঝাৰগাৱত। দুই ছীম কাৰ্ড ব্যৱসায়ীৰ ঘৰত তালাচী চলাই অভিযানত কাৰী দলটোৱে বুজন পৰিমাণৰ ভুৱা ছীম কাৰ্ড , phone pay , google pay scaner , ভোটাৰ কাৰ্ড জব্দ কৰিবলৈ সক্ষম হয়। দেওবাৰে মৰিগাঁও সদৰ আৰক্ষী থানাত সংবাদ মেল সম্বোধন কৰি এই তথ্য সদৰি কৰে মৰিগাঁও জিলা অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই। লগতে আৰক্ষী অধীক্ষক গৰাকীয়ে আগন্তুক দিনত জিলাখনত অৰ্থনৈতিক অপৰাধ তথা চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখোৱাৰ লগতে আইন অনুসৰি দোষীক শাস্তি প্ৰদান কৰাৰ বিষয়ে সদৰী কৰে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *