মৈৰাবাৰীত ১০ গৰাকী চাইবাৰ অপৰাধী আৰক্ষীৰ জালত।
মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন অঞ্চলৰ পৰা আৰক্ষীয়ে ১০ গৰাকী চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।যোৱা নিশা মৰিগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমিৰণ বৈশ্যৰ নেতৃত্বত অহা এটি আৰক্ষীৰ দলে এক গোপন সূত্ৰে পম খেদি মৈৰাবাৰীৰ বৰচাপৰি,তাতিকটা আৰু হাতীমুৰীয়া গাঁৱৰ পৰা ১০ গৰাকী চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ
কৰি মৰিগাঁও লৈ যায়। ইফালে চাইবাৰ অপৰাধীক কেইটাক অতিৰিক্ত আৰক্ষী অধীক্ষক সমিৰণ বৈশ্যই অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।ইপিনে আৰু বহু কেইজন চাইবাৰ অপৰাধীৰ চক্ৰ মৈৰাবাৰীত আছে বুলি চৰ্চিত হৈ আছে!

