মৈৰাবাৰী আৰক্ষীৰ অভিযানত চাৰিজনকৈ জুৱাৰী গ্ৰেপ্তাৰ

মৈৰাবাৰী আৰক্ষীৰ অভিযানত চাৰিজনকৈ জুৱাৰী গ্ৰেপ্তাৰ।
মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰক্ষীৰ থানাৰ অন্তৰ্গত পাতেকীবৰী গাঁৱত আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে চাৰিজনকৈ জুৱাৰীক।
জগত গুৰুৰ পবিত্ৰ জন্মস্থান শ্ৰী শ্ৰী পাতেকীবৰী আলিপুখুৰী সত্ৰৰ নিচেই ওচৰতে হাৰুন আল ৰচিদ নামৰ লোক জনৰ ছত্ৰ ছায়াত আৰু আবুল কাছেম নামৰ ব্যক্তি জনৰ দোকানত চলি আহিছিল এই অবৈধ জুৱাখেল।
গ্ৰেপ্তাৰ হোৱা জুৱাৰী কেইজন ক্ৰমে: পাতেকীবৰী গাঁৱৰ হাৰুণ আল ৰছিদ,
জামাল উদ্দীন,
মুস্তফা আহমেদ আৰু
ইমান আলি।
জুৱাৰী চাৰিজনক মৈৰাবাৰী আৰক্ষীয়ে বৰ্তমানে সোধপোচ অব্যাহত ৰাখিছে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *