মুছলপুৰত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান ৷ বাক্সা জিলা স্বাস্থ্য বিভাগৰ মুছলপুৰস্থ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত অভিযান ৷ কাৰ্যালয়টোৰ উচ্চ বৰ্গৰ সহায়ক বিপিন কলিতাক গ্ৰেপ্তাৰ ৷ নিলীমা ভূঞা নামৰ অৱসৰী নাৰ্চ এগৰাকীৰ পেঞ্চনৰ কাম কৰাৰ বাবদ ৫০০০ টকা দাবী কৰিছিল বিপিন কলিতাই ৷ নাৰ্চগৰাকীয়ে পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ সৈতে যোগাযোগ কৰে ৷ সেইমতে আজি মুছলপুৰস্থ জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত নাৰ্চগৰাকীয়ে টকাখিনি দিয়াৰ পাছতে পূৰ্বৰে পৰা খাপ পিটি থকা দুৰ্নীতি নিবাৰক শাখাৰ দলে বিপিন কলিতাক হাতে লোটে ধৰা পেলায় ৷ আজি উক্ত দলটোৱে কাৰ্যালয়ত প্ৰায় চাৰিঘন্টা ধৰি বিপিন কলিতাক জেৰা কৰাৰ অন্তত গ্ৰেপ্তাৰ কৰে ৷ পাছত মুছলপুৰ অসামৰিক চিকিৎসালয়ত তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰি গুৱাহাটীৰ কাৰ্যালয়লৈ লৈ যায় ৷ ইফালে দলটোৰ আন এটা টিমে বিপিন কলিতাৰ বৰমা বৰঝাৰৰ বাসগৃহটো অভিযান চলাই বহু আপত্তিজনক নথিপত্ৰ জব্দ কৰে ৷ অৱশ্যে অভিযানকাৰী দলটোৱে সাংবাদিকৰ আগত কোনো মন্তব্য নিদিলে ৷
