মুখ্যমন্ত্ৰীৰ OSDৰ নামত ধন সংগ্ৰহ কৰি উধাও এটা প্ৰৱঞ্চক।

মুখ্যমন্ত্ৰীৰ OSDৰ নামত ধন সংগ্ৰহ কৰি উধাও এটা প্ৰৱঞ্চক। জানিব পৰা মতে কেইবাকোটি টকা আত্মসাৎ কৰি অন্তৰ্ধান হয় মুনীন্দ্ৰ কোঁৱৰ। উল্লেখযোগ্য যে সুৰা বিপণিৰ অনুজ্ঞাপত্ৰ দিয়াৰ নামত কোটি কোটি টকা আত্মসাৎ কৰে লোকজনে। নিজকে SI বুলি পৰিচয় দিয়া মুনীন্দ্ৰ কোঁৱৰৰ ঘৰ তেজপুৰত। কেৱল টকাই নহয়, ৬০ লাখ টকীয়া বিলাসী Audi গাড়ী লৈয়ো উধাও প্ৰৱঞ্চকটো। আৰক্ষীৰ পোছাকত থাকি প্ৰৱঞ্চনা কৰি আহিছিল মুনীন্দ্ৰ কোঁৱৰে। অসম চৰকাৰৰ নামফলক লগোৱা বাহন ব্যৱহাৰ কৰিছিল প্ৰৱঞ্চকটোৱে। CIDৰ লগতে দিছপুৰ আৰক্ষীৰ ওচৰত মুনীন্দ্ৰ কোঁৱৰৰ বিৰুদ্ধে গোচৰ ৰুজু। DCP EASTৰ কাৰ্যালয়তো প্ৰৱঞ্চকটোৰ বিৰুদ্ধে ৰুজু গোচৰ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *