মাৰ্ঘেৰিটাৰ বৰগোলাইত উদ্ধাৰ দুই শিশু

মাৰ্ঘেৰিটাৰ বৰগোলাইত উদ্ধাৰ দুই শিশু।উল্লেখযোগ্য যে




মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত বৰগোলাইত এক নং নামদাং গাঁৱৰ পৰা উদ্ধাৰ হৈছে দুটি শিশু। জাগুনৰ কোনো ব্যক্তিৰ ঘৰত শিশু দুটিয়ে শ্ৰমিক হিচাপে কাম কৰি আছিল। জাগুনৰ পৰা শিশু দুটি পথে তিনিচুকীয়া দিশে গৈ থকাৰ অৱস্থাত উদ্ধাৰ কৰা হয়। স্থানীয় ৰাইজ শিশু দুটিক উদ্ধাৰ কৰি আৰক্ষীক গতাই দিয়ে।


দুয়োজনৰ পৰিচয় সোধাত বিশেষ জানিব পৰা হোৱা নাই যদিও শিশু দুটাৰ নাম অঞ্জলি মুঢ়া আৰু পূৰ্ণিমা মূঢ়া বুলি আৰক্ষীয়ে জানিবলৈ দিছে। তেওঁলোকৰ বয়স প্ৰায় ১১/৯ বছৰ। মাৰ্ঘেৰিটা আৰক্ষী সোধা পোছা চলাই আছে উদ্ধাৰ হোৱা শিশু দুটিক। বৰ্তমানলৈ জানিব পৰা হোৱা নাই ঘৰৰ ঠিকনা।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *