মাৰ্ঘেৰিটাৰ পাহাৰপুৰত মৌন প্ৰতিবাদ ।লাইকা দধিয়াৰ উচ্ছেদিত লোকক অসম চৰকাৰে পাহাৰ পুৰত পুনৰ সংস্থাপন দিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে এই প্ৰতিবাদ।আজি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লেখাপানী থানাৰ অন্তৰ্গত পাহাৰপুৰ অঞ্চলত শতাধিক ৰাইজৰ মৌন প্ৰতিবাদ । লাইকা দধিয়াৰ উচ্ছেদিত লোকক অসম চৰকাৰে পাহাৰপুৰত পুনৰ সংস্থাপন দিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে এই প্ৰতিবাদ।
সদৌ অসম চেমা ছাত্ৰ সন্থা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) তিনিচুকীয়া জিলা আৰু মাৰ্ঘেৰিটা আঞ্চলিক সমিতি, সদৌ অসম টাংছা ছাত্ৰ সন্থা, সদৌ অসম চিংফৌ ছাত্ৰ সন্থা, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা লগতে কেইবাটাও জাতীয় সংগঠনৰ উদ্যোগত টিৰাপ ট্ৰাইবেল বেল্টৰ মাটি এৰি দিয়া নহ’ব, তেজ দিম মাটি নিদিওঁ আদি শ্ল’গান লিখা ফেষ্টুন লৈ শতাধিক ৰাইজৰ প্ৰতিবাদ ।
