মাৰ্ঘেৰিটাত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ উদ্যোগত তিনিদিনীয়াকৈ আৰম্ভ অগ্নিপথ আঁচনিৰ বিভিন্ন কাৰ্যসূচী, প্ৰশিক্ষণ আৰু কৰ্মশালা আৰম্ভ

মাৰ্ঘেৰিটাত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ উদ্যোগত তিনিদিনীয়াকৈ আৰম্ভ অগ্নিপথ আঁচনিৰ বিভিন্ন কাৰ্যসূচী, প্ৰশিক্ষণ আৰু কৰ্মশালা আৰম্ভ। সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ উদ্যোগত আজিৰে পৰা তিনিদিনীয়াকৈ মাৰ্ঘেৰিটা টাউন হাইস্কুল প্ৰাঙ্গণত অগ্নিপথ আঁচনিৰ আধাৰ প্রাগ নিযুক্তি প্ৰশিক্ষণ কাৰ্যক্ৰম আৰম্ভ হৈছে । ভাৰত মাতাৰ প্ৰতিচ্ছবিত ফোঁট আৰু বন্তি প্ৰজলনেৰে মহকুমাধিপতি পলাশ ৰাজকুমাৰ আহোমে আৰম্ভ কৰা অনুষ্ঠানত কাৰ্যকৰী সভাপতি সাৰদা কান্ত ৰায়ৰ সঞ্চালনাত এক সভা অনুষ্ঠিত হয়।সাধাৰণ সম্পাদক নৱ বৰাই আতঁ ধৰা সভাখনত বহু বিশিষ্ট ব্যক্তি সেনা বিষয়াই ভাষণ দিয়ে।ইয়াৰ পিছতেই আৰম্ভ হয় পাঁচ শতাধিক যুৱক যুৱতীৰ বিভিন্ন প্ৰশিক্ষণ আৰু কৰ্মশালাৰ কাৰ্যসূচী ।





By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *