মাৰ্ঘেৰিটাত ক্ষীপ্ৰ গতিত অবৈধ কয়লা খনন

মাৰ্ঘেৰিটাত ক্ষীপ্ৰ গতিত অবৈধ কয়লা খনন। কয়লা মাফিয়াৰ দপদপনি মাৰ্ঘেৰিটাৰ বমগাৰা – ফিনবিৰোত। বন ধ্বংস যজ্ঞ অব্যাহত লেখাপানী সংৰক্ষিত বনাঞ্চলত। কেইবা শতাধিক পকলেনৰে অব্যাহত ৰাখিছে অবৈধ কয়লা খনন অসম আৰু অৰুণাচলিয়ে।

মাৰ্ঘেৰিটাৰ বমগাৰা-ফিনবিৰো অঞ্চলত এতিয়া যুদ্ধংদেহী ক্ষিপ্ৰতাৰে চলিছে অবৈধ কয়লা খনন কাৰ্য্য। শ-শ পকলেনৰ জৰিয়তে অসম তথা অৰুণাচলৰ শতাধিক কয়লা মাফিয়াই অব্যাহত ৰাখিছে অবৈধ চোৰাং কয়লাৰ মুক্ত খনন। নিমাত বন বিভাগ, নিস্তব্ধ আৰক্ষী প্ৰশাসন। কি বন বিভাগ, কি অন্যান্য চৰকাৰী বিষয়া কাৰোৰে ভ্ৰক্ষেপ নাই ঐতিহ্যমণ্ডিত পাটকাই পাহাৰ সংৰক্ষণৰ দিশত। সেইয়ে চাগে ডিগবৈ বন সংমণ্ডলৰ অধীনৰ লেখাপানী আঞ্চলিক বন বিষয়া কাৰ্য্যালয়ৰ অন্তৰ্গত লেখাপানী সংৰক্ষিত বনাঞ্চলত ক্ষীপ্ৰ গতিত চলিছে অবৈধ কয়লা খনন। কাৰ সাহস আৰু আশীৰ্বাদত আজি কেইবা শতাধিক পকলেন বনাঞ্চল খনৰ মাজত বীৰ গতিৰে প্ৰৱেশ কৰি যুদ্ধকালীন ভাৱে অবৈধ চোৰাং কয়লা খনন কাৰ্য্য চলাই আছে সেয়াও এক ৰহস্যৰ আৱৰ্তত।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *