মাৰ্ঘেৰিটাত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

মাৰ্ঘেৰিটাত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ। বিদ্যুৎ মাছুল বৃদ্ধিৰ বিৰোধীতাৰে আজি এ পি ডি চি এলৰ বিৰুদ্ধে সাব্যস্ত কৰিলে এই প্ৰতিবাদ। আজি ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ মাৰ্ঘেৰিটা বজাৰত চৰকাৰ বিৰুদ্ধে চৰকাৰ বিৰোধী শ্লগানেৰে পৰিবেশ উত্তাল কৰি বিদ্যুৎ মাছুল বৃদ্ধিৰ নিৰ্দেশনাৱলী দাহ কাৰ্যসূচী ৰূপায়ণ কৰে। অন্যহাতে বিজেপি চৰকাৰ খনে জনসাধাৰণৰ জীৱন-সম্পত্তি নিৰাপত্তা দিয়াত সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে বুলি অভিযোগ উত্থাপন কৰি অতিশীঘ্ৰে পদত্যাগ কৰিবৰ বাবে দাবী জনাইছে মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছ কমিটিয়ে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *