মাৰ্ঘেৰিটাত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ ভাং ড্ৰাগচ সহ আটক মহিলা।

মাৰ্ঘেৰিটাত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ ভাং ড্ৰাগচ সহ আটক মহিলা।
মাৰ্ঘেৰিটাত আৰক্ষীৰ ড্ৰাগ্‌চ বিৰোধী অভিযান। অভিযানত ৫ কিঃগ্ৰাঃ ২০০ গ্ৰাম গাঞ্জাৰ লগতে জব্দ হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগ্‌চ (১১৬.৯৯ গ্ৰাম)। মাৰাত্মক জীৱন নাশক সামগ্ৰী অবৈধ ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগত আটক কৰা হৈছে এগৰাকী মহিলা। ইতিমধ্যে নৱনিযুক্ত মাৰ্ঘেৰিটা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰতাপ গগৈয়ে মাৰাত্মক ড্ৰাগ্‌চৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলাৰ লগতে ড্ৰাগ্‌চ ব্যৱসায়ৰ লগত জড়িত মহিলা সহ নিছাযুক্ত সামগ্ৰীখিনি জব্দ কৰি মাৰ্ঘেৰিটা থানাত এন ডি পি এচৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *