ভাৰতীয় জনতা পাৰ্টীৰ অনুসুচীত জাতি মৰ্চাৰ গাওঁ সম্পৰ্ক অভিযান ৷



৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টীৰ অনুসুচীত জাতি মৰ্চাৰ গাওঁ সম্পৰ্ক অভিযান ৷
দক্ষিণ শালমাৰাৰ মনিৰ চৰ গাওঁ পঞ্চায়তৰ পৰা ৰথ যাত্ৰা উলিয়াই ৷ ৰথযাত্ৰা উলিয়াৰ পূৰ্বে মনিচৰ গাওঁ পঞ্চায়ত অনুসুতি জাতি লোক সকলৰ মাজত মতবিনিময় কৰে বিজেপিৰ কৰ্মকৰ্তা সকলে ৷ অনুসুচীত জাতীয় লোক সকলে চৰকাৰে ৰুপায়ন কৰা আচনি সমুহ সঠিক ভাৱে লাভ কৰি আছে নে নাই সেই সম্পৰ্কে বুজ লয় বিজেপিৰ কৰ্মী সকলে ৷ গাওঁ সম্পৰ্ক অভিযানৰ লগত সংগতি ৰাখি মনিৰচৰ দাসপাৰা দূৰ্গা মন্দিৰ প্ৰাংগনত জনতা পাৰ্টি অনুসুচীত জাতি মৰ্চাই এখন সভা অনুষ্টিত কৰে ৷

উল্লেখ্য যে, ভাৰতীয় জনতা পাৰ্টি, অনুসুচীত জাতি মৰ্চা অসম প্ৰদেশ কমিটিৰ উদ্যোগ দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ৰাজ্য জুৰি আৰম্ভ কৰিছে গাওঁ সম্পৰ্ক অভিযান ৷
গাওঁ সম্পৰ্ক অভিযানৰ অংশ হিচাপে আৰম্ভ কৰা ৰথ যাত্ৰা কাৰ্যসুচীত দক্ষিণ শালমাৰা মানকাচৰ জিলা বিজেপিৰ সভাপতি অধিৰ চন্দ্ৰ দাসৰ লগতে অনুসুচীত জাতি মৰ্চাৰ অসম ৰাজ্যিক পৰ্যায়ৰ, জিলা তথা মন্ডল পৰ্যায়ৰ বহু নেতাকৰ্মী উপস্তিত থাকে ৷





By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *