ভনীয়েকৰ ঘৰত ভাগিনীয়েকৰ দাৰ ঘাপত দুচেও হ’ল মোমায়েক

নুমলীগড়ত নিশা চাঞ্চল্যকৰ ঘটনা ভনীয়েকৰ ঘৰত ভাগিনীয়েকৰ দাৰ ঘাপত দুচেও হ’ল মোমায়েকৰ হাত। এক ঘণ্টা চোতালতে তেজেৰে লুতুৰি পুতুৰি হৈ পৰি থাকিল মোমায়েক।

নিশা নুমলীগড়ত চাঞ্চল্যকৰ ঘটনা। ভাগিনীয়েকৰ ডাৰ ঘাপত মোমায়েক হ’ল ধৰাশায়ী। ভগ্নীৰ ঘৰলৈ অহাই যেন কাল হ’ল মোমায়েক ৰাজীৱ হাজৰিকাৰ। পাৰিবাৰিক কন্দলৰ পৰিণতিত এইয়া। নিশা ফলঙনি 1নংৰ নিবাসী ৰাজীৱ হাজৰিকা ফলঙনী ডাকঘৰ চাৰিআলিৰ সমীপৱৰ্তী বাসিন্দা ভনীয়েকৰ ঘৰলৈ যাওঁতে ভাগিনীয়েকৰ সৈতে সংঘাত হয়। আৰু তাৰ পৰিণতিত ভাগিনৰ দাৰ ঘাপত মোমায়েকৰ এখন হাত দুছেও হল। প্ৰায় এক ঘণ্টাৰ পাছত ঘটনা সন্দৰ্ভত বগীজান আৰক্ষীক খবৰ দিয়াত আৰক্ষী উপস্থিত হৈ ৰাজীৱ হাজৰিকাক সংকট জনক অৱস্থাত গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰে, যদিও যোৰহাট মেডিকেল কলেজ হস্পিতালেও পুনৰ গুৱাহাটীলৈ উন্নত চিকিৎসা বাবে প্ৰেৰণ কৰে । মোমায়েকক দাৰে ঘপিওৱা ভাগিন মুনিন্দ্ৰ শ‌ইকীয়াক আৰক্ষীয়ে আটক কৰিছে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *