বৰপেটাৰ ভেল্লাত ভয়ংকৰ দূৰ্ঘটনা ।
আজি বিয়লি ভাগত সুৰাপায়ী চালকে মহতিয়াই নিলে বাইক চালকসহ ২ আৰোহীক।
বাইক আৰোহীৰ ভৰিৰ ওপৰেৰে উঠাই দিলে সুৰাপায়ী চাৰিচকীয়া চালকে।
গুৰুতৰভাৱে আহত ৩ বাইক আৰোহী।
আহতসকল হৈছে চানি ইছলাম (৪০), ফৰিদা খাতুন (৩০) আৰু ফৰহান ইছলাম (৫)।
ইয়াৰে চানি ইছলামৰ আঘাত গুৰুতৰ হৈছে।
বৰপেটাৰ ভেল্লাত সংঘটিত হৈছে এই ভয়ংকৰ দূৰ্ঘটনাটো ।
ভেল্লাত দূৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা চাৰিচকীয়া বাহনক কেওঁটকুছিত আগুচি ধৰিলে ৰাইজে।
সুৰাপায়ী চালকক জবাবদিহি কৰিলে ৰাইজে।
চালকজনৰ নাম প্ৰণৱ বুলি জানিব পৰা গৈছে।
ঘটনাৰ বিৱৰণীমতে, দৌলাশালৰ পৰা বৰপেটা অভিমুখে অহা AS 15 L 8455 নম্বৰৰ গ্ৰেণ্ড আই 10 চাৰিচকীয়া বাহনখনে হাউলীৰ পৰা বহৰিলৈ যোৱা As 01 EN 5768 নম্বৰৰ এফ জেদ বাইকখনক মূখামূখি খুন্দিয়াই দিয়াৰ ফলত হয় এই দূৰ্ঘটনাটো।
ঘটনাক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় যদিও বৰপেটা সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জন দলৈৰ নেতৃত্বত অহা আৰক্ষীৰ দলটোৱে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে।
আহত সকলক বৰপেটাস্থিত ফখৰুদ্দিন আলি আহমেদ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়।
