বৰডুবি দেউশাল তিনিআলিত দুই ড্ৰাগছ সৰবৰাহ কৰি আটক

বৰডুবি দেউশাল তিনিআলিত দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক টেঙাখাট আৰু বৰডুবি আৰক্ষীৰ। যুটীয়া অভিযানত আটক হৈছে দুই সৰবৰাহকাৰী।ধৃত সৰবৰাহ কাৰী দুটা হৈছে মাটিয়েখানা গাঁৱৰ টংকেছৰ গগৈৰ পুত্ৰ বিকাশ গগৈ আৰু বৰ লাইপুলি গাঁৱৰ ব্ৰজেন গগৈৰ পুত্ৰ তৰুণ গগৈ ।নিশা এক গোপন সূত্ৰৰ পম খেদি টেঙাখাট আৰক্ষী থানাৰ oc লক্ষ্মীনাথ দলে আৰু বৰডুবি আৰক্ষী থানাৰ oc ধ্ৰুৱ প্ৰসাদ বৈশ্য নেতৃত্বত চলিছিল এই অভিযান ।ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ পৰা আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহৰ বাবে লগত লৈ অনা নগদ তিনি লাখ সাত হাজাৰ টকা জব্দ কৰিছে।বৰডুবি আৰক্ষীয়ে দুই সৰ্বৰাহকাৰী বিৰুদ্ধে বৰডুবি আৰক্ষী থানাত পূৰ্বে পঞ্জীয়ন হৈ থকা থানা গোচৰ নম্বৰ 51/2023 US 21(A)27 OF NDPS ACT গোচৰত ন্যায়িক যিমালৈ প্ৰেৰণ কৰিছে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *