বিলাসীপাৰাৰ সীমান্তৱৰ্তী শাইলধৰাত নিশা লোমহৰ্ষক ডকাইতি |
ব্যৱসায়ীৰ দল এটাক আক্ৰমন কৰি ১৫/২০ জনীয়া এটা ডকাইতৰ দলে লুটি নিয়ে দহ লক্ষাধিক টকা |
জলেশ্বৰ সাপ্তাহিক বজাৰত ধান, মৰাপাট বিক্ৰী কৰিবলৈ গৈছিল ব্যৱসায়ীৰ দল এটা |
নিশা ব্ৰহ্মপুত্ৰ নদীৰে যন্ত্ৰ চালিত নাঁৱৰে বিলাসীপাৰা দিশে আহি আছিল ব্যৱসায়ীৰ দলটো |
শাইলধৰাত যন্ত্ৰ চালিত নাঁৱৰে অহা ডকাইতৰ দলটো নদীৰ মাজতে চোকা অস্ত্ৰৰে চলায় আক্ৰমন |
ডকাইতৰ আক্ৰমণত ৬ জন ব্যৱসায়ী আহত হয় |
আহত ব্যৱসায়ী সকলক বিলাসীপাৰা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰে |
ইফালে ডকাইতি কাণ্ড সংঘটিত কৰি পলাই যাবলৈ লওঁতে ৰাইজে আটক কৰে দুটা ডকাইতক |
ৰাইজে আটক কৰা ডকাইত দুটা ছাদ্দাম হুছেইন আৰু ছাহজামাল বুলি জানিব পৰা গৈছে |
ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে |
