বিজনীৰ পাণবাৰীত এছ এছ বি আৰু বন বিভাগৰ অভিযানত এটা চোৰাং কাঠ ফলা মিল সহ বৃহৎ পৰিমাণ চোৰাং কাঠ জব্দ

বিজনীৰ পাণবাৰীত এছ এছ বি আৰু বন বিভাগৰ অভিযানত এটা চোৰাং কাঠ ফলা মিল সহ বৃহৎ পৰিমাণ চোৰাং কাঠ জব্দ ।
চিৰাং জিলাৰ বিজনী পাণবাৰীৰ নিজ দামুগাওঁৰ পৰা মঙলবাৰে নিশা এছ এছ বি আৰু বন বিভাগৰ যৌথ অভিযানত এটা চোৰাং কাঠ ফলা মেইল সহ বৃহৎ পৰিমাণ চোৰাং কাঠ জব্দ কৰে অভিযানকাৰী দলটো । ১৫নং এছ এছ বিৰ কুমাৰশাৰীস্থিত এলফা কোম্পানীৰ পৰিদৰ্শক উমেশ কুমাৰৰ আৰু বিজনী ডিপট কাৰ্যালয়ত ডিপট বিষয়া শংকৰ ৰায়ৰ নেতৃত্বত বনকৰ্মী আৰু এটা এছএছবিৰ দলে নিশা গোপন খৱৰ ভিত্তিত অভিযান চলাই জব্দ কৰে কাঠ ফলা মিল। দীৰ্ঘদিন ধৰি অবৈধ ভাৱে বন ধংশ কৰি উক্ত অঞ্চলত কিছু দুষ্ট চক্ৰই চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় চলাই আছিল, আজি বন বিভাগৰ অভিযানৰ উমান পাই পলাই যাৱলৈ সক্ষম হয় মিলৰ মালিক আৰু কৰ্মচাৰী । পাছলৈ জব্দকৃত মিলসহ অবৈধ কাঠ সমূহ বিজনী বন বিভাগৰ ডিপট কাৰ্যালয়ত লৈ আহে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *