বিজনীত আৰক্ষীৰ অভিযানত বাৰ্মীছ চুপাৰীভৰ্তি ট্ৰাক জব্দ





ৰাজ্যত অব্যাহত আছে বাৰ্মীছ চুপাৰীৰ অবৈধ সৰবৰাহ।অসম আৰক্ষীৰ বাৰ্মীছ চুপাৰী সৰবৰাহৰ ক্ষেত্ৰত কঠোৰ ভূমিকাৰ পিছতো একাংশ অসাধু চক্ৰই চলাই গৈছে বাৰ্মীছ চুপাৰীৰ অবৈধ ব্যৱসায়। আজি দুপৰীয়া বিজনী আৰক্ষীৰ অভিযানত বিজনীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দহলাপাৰাস্থিত টোল প্লাজাত বাৰ্মীছ চুপাৰীভৰ্তি ট্ৰাক সহ এজনক আটক কৰিবলৈ সক্ষম হয়।চিৰাং আৰক্ষীৰ এক নিৰ্ভৰযোগ্য খবৰৰ ভিত্তিত বিশেষ তালাচিত 89 বস্তা সন্দেজনক বাৰ্মীছ চুপাৰী, 110 বস্তা চাও গুটি কঢ়িয়াই লৈ অহা HR 38AD 6148 নম্বৰৰ এখন ট্ৰাকসহ ধৰম কুমাৰ নামৰ এজনক আটক কৰিবলৈ সক্ষম হয়।চুপাৰী সমূহ বৰপেটা ৰোডৰ পৰা উত্তৰ প্ৰদেশৰ কাণপুৰ অভিমুখে গৈ থকা অৱস্থাত চিৰাং আৰক্ষীয়ে জব্দ কৰে।জব্দকৃত বাৰ্মীছ চুপাৰী সমূহৰ ওজন 3690 কিলোগ্ৰাম আৰু চাও গুটি সমূহৰ ওজন 5300 কিলোগ্ৰাম বুলি আৰক্ষীয়ে জানিব দিয়ে। আটকাধিন ধৰম কুমাৰ ঘৰ ফৰিদাবাদত বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ পাইছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *