বিজনী ৰেলৱে ষ্টেচনত DYFIৰ প্ৰতিবাদ কাৰ্যসূচী



বিজনী ৰেলৱে ষ্টেচনত DYFIৰ প্ৰতিবাদ কাৰ্যসূচী । NFRৰ GM লৈ স্মাৰক পত্ৰ প্ৰেৰণ ।

আজি দিনৰ ১১ বজাত বিজনী ৰেলৱে ষ্টেচনত ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন ( DYFI)ৰ বঙাইগাঁও চিৰাং জিলা কমিটিৰ উদ্যোগত ৯ দফা দাবীৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । উল্লেখ্য যে কভিড ১৯ৰ পৰিস্থিতিৰ ফলত বন্ধ হৈ থকা ৰেল পৰিসেৱা সমূহ পুনৰ পৰিসেৱা প্ৰাপ্তিৰ লগতে হাওৰা আৰু দক্ষিণ ভাৰতগামী ৰেল পৰিসেৱা পোৱাৰ দাবিত আজি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। লগতে লোকাল ট্ৰেন সমূহ এক্সপ্ৰেছ নাম দি অধিক ভাৰা বৃদ্ধি কৰা বন্ধ কৰাৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বিজনী ৰেল ষ্টেচনৰ ষ্টেচন মাষ্টাৰৰ যোগে NFR GM লৈ ৯ দফা সম্বলিত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *