বিজনী মহকুমা আক্ৰাছুৰ উদ্যোগত ৫১৫ তম মহাৰাজ নৰনাৰায়ণ আৰু ৫১৩ তম বিশ্ব মহাবীৰ চিলাৰায়ৰ জন্ম জয়ন্তী উদযাপন।

বিজনী মহকুমা আক্ৰাছুৰ উদ্যোগত ৫১৫ তম মহাৰাজ নৰনাৰায়ণ আৰু ৫১৩ তম বিশ্ব মহাবীৰ চিলাৰায়ৰ জন্ম জয়ন্তী উদযাপন।
চিৰাং জিলাৰ বিজনী মহকুমা আক্ৰাছুৰ কাৰ্যালয় ৰজা বিজিত নাৰায়ণ দেৱ ক্ষেত্ৰত বিজনী মহকুমা আক্ৰাছুৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত ৫১৫ তম মহাৰাজ নৰনাৰায়ণ আৰু ৫১৩ তম বিশ্ব মহাবীৰ চিলাৰায়ৰ জন্ম জয়ন্তী উদযাপন কৰা হয়।দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত উক্ত কাৰ্যসূচীৰ আজি প্ৰথম দিনটোত পুৱাৰ ভাগত সদৌ কোচৰাজবংশী ছাত্র সন্থা, সদৌ কোচৰাজবংশী মহিলা সমিতি, চিলাৰায় সেনা আৰু সাংস্কৃতিক পতাকা উত্তোলন কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে মহাৰাজ নৰনাৰায়ণৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, ৰজা বিজিত নাৰায়ণৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু শ্বহীদ তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *