বানৰ সংহাৰী ৰূপ

30

কালৰূপী বানে ৰঙিয়াৰ উদিয়ানাত সংহাৰী ৰূপ ধাৰণ কৰিছে । চতুৰ্থ দিনাও অব্যাহত আছে বৰলীয়া নৈৰ তাণ্ডৱ । বানত ডুব গৈছে অঞ্চলটোৰ ঘৰ-দুৱাৰ, পথ সকলো । কোনোৱে যদি বিচনাৰ ওপৰত বিচনা জোৰা দি আশ্ৰয় লৈছে । আন কোনোৱে আকৌ ৰেল লাইনত আশ্ৰয় লৈছে । বৰলীয়া নৈৰ প্ৰলয়ংকাৰী বানত শতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ বিনষ্ট হৈছে । বানত ককবকাই থকা দৰিদ্ৰ পৰিয়াল এতিয়া গৃহহাৰা হৈ পৰিছে । বিনষ্ট হৈছে কৃষিভূমি । মীন পালক সকলৰো বৃহৎ ক্ষতিসাধন হৈছে । যাৰ বাবে এতিয়া নানান সমস্যাত পৰিছে বানাক্ৰান্ত ৰাইজ । কি খাব, কত থাকিব তাক লৈ চিম্তিত হৈ পৰিছে বন্যাৰ্তসকল । যাতায়ত কৰা পথত একাঠু অথবা একোকাল বান । বিপদ সংকুল যাতায়ত কৰিছে বানাক্ৰান্তই । যোৱা চাৰিদিনে বানত ককবকাই এতিয়া অঞ্চলটোত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে ।