বাক্সাৰ পথাৰত সোণগুটি চপোৱাত ব্যস্ত কৃষক
বাক্সাৰ পথাৰত সোণগুটি চপোৱাত ব্যস্ত কৃষক ৷ আঘোনৰ পথাৰত এতিয়া কৃষকৰ প্ৰাপ্তিৰ হাঁহি ৷ আঘোনে সিঁচি দিয়ে নতুন আশা, নতুন উদ্যমৰ বীজ ৷ আঘোনে কঢ়িয়াই আনে প্ৰতিজন কৃষকৰ আশাৰ ফচল ৷ আঘোনৰ পথাৰে উন্মনা কৰে কৃষকক ৷ নিয়ৰসিক্ত পকা ধানে হাত বাউল দি মাতে জাক জাক দাৱনীক ৷ উদ্বাউল হৈ উঠে সকলোৰে মন প্ৰাণ ৷ সেয়ে হয়তো গীতিকাৰ ৰুদ্ৰ বৰুৱাৰ কণ্ঠেৰে নিগৰিছিল– পকা ধানৰ মাজে মাজে সৰু সৰু আলি অ’ সৰু সৰু আলি ।বাক্সা জিলাৰ ভাৰত- ভূটান সীমান্তৰ সূৱণখাটা অঞ্চলৰ আলিগুৰীৰ সোণোৱালী পৰিবেশ পৰিলক্ষিত হৈছে ৷ আঘোনৰ পথাৰত সোণগুটি চপোৱাত ব্যস্ত কৃষক ৷ বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি সূৱণখাটা অঞ্চলৰ আলিগুৰী গাঁৱৰ ২৮ টা পৰিয়ালে প্ৰতিবছৰে ৰাজহুৱাভাৱে কৰে ৫০ বিঘা ধানখেতি ৷ এতিয়া গাঁওখনৰ ৰাইজ ওলাই আহিছে ধান কাটিবলৈ ৷ আনন্দ- ফূৰ্তিৰ মাজেৰে পথাৰৰ পৰা নিব সোণগুটি ৷ তাৰ মাজতে খামৰ শব্দত কোনোবাই গাইছে বা আন কোনোবাই নাচিছে ৷ ৰাইজৰ আশা এইবাৰ ধানৰ উচিত মুল্য পাব ৷ চৰকাৰে কিনিব তেওঁলোকৰ উৎপাদিত ধান ৷
