বঙাইগাঁৱৰ ১ নং নাচনগুৰীত তিনি মোবাইল চোৰ গ্ৰেপ্তাৰ গেৰুকাবাৰী আৰক্ষীৰ।



বঙাইগাঁৱৰ ১ নং নাচনগুৰীত তিনি মোবাইল চোৰ গ্ৰেপ্তাৰ গেৰুকাবাৰী আৰক্ষীৰ।

বঙাইগাঁও জিলাৰ গেৰুকাবাৰী আৰক্ষীৰ অভিযান।গেৰুকাবাৰী তহলদাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিনয় মালাকাৰৰ নেতৃত্বত চলোৱা অভিযানত ১ নং নাচনগুৰীৰ পৰা তিনিটা মোবাইল চোৰক গ্ৰেপ্তাৰ কৰা হয়।ধৃত মোবাইল চোৰ তিনিটা ক্ৰমে আনোৱাৰ হুছেইন, জেলহক অৰফে দুফা(২৬) আৰু সাহাৰ আলী(২৪)।তিনিওটা মোবাইল চোৰৰ ঘৰ ১ নং নাচনগুৰীত।চোৰ তিনিটাৰ পৰা দুটা চুৰি মোবাইল জব্দ কৰা হয়।উল্লেখ্য যে প্ৰায় এমাহ পূৰ্বে ১ নং নাচনগুৰী নিবাসী গাড়ী চালক ইছমাইল শ্বেখৰ ঘৰৰ তলা ভাঙি দুটা মোবাইসহ নগত ২৪,০০০/- টকা লৈ উধাও হৈছিল চোৰৰ দলটোৱে।পাছত পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত গেৰুকাবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰাত আজি আৰক্ষীয়ে চোৰ তিনিটাক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *