বকলীয়াঘাটত বুজন পৰিমানৰ গাঞ্জা আৰু নিচাযুক্ত কেপচুল উদ্ধাৰ আৰক্ষীৰ
আজি পুৱাৰ ভাগত কাৰবি আৰক্ষীৰ বকলীয়াঘাটত নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে অভিযান ৷
জিলা উপ আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মাৰ নেতৃত্বত বকলীয়াঘাট থানাৰ অচি আৰু ষ্টাফৰ সহযোগত চলে অভিযানটো ৷
এক গোপন খবৰৰ ভিত্তিত চলা অভিযানত আৰক্ষীৰ দলটোৱে উদ্ধাৰ তৰে বুজন পৰিমানৰ গাঞ্জা আৰু নিচাযুক্ত কেপচুল
অভিযানত উদ্ধাৰ কৰা হয় ১ কেজি ৩৮ গ্ৰাম গাঞ্জা আৰু ১০২ টা নিচাযুক্ত চেমপ্লেক্স কেপচুল ৷
নিচাযুক্ত সামগ্ৰীখিনি এনডিপিএছ আইনৰ অধীনত জব্দ কৰৈ হৈছে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ পাইছে ৷
বকলীয়াঘাট থানা এলেকাৰ আটিগাঁওৰ নুৰুদ্দিন বৰভূঞাৰ পুত্ৰ বাবুল বৰভূঞাৰ ঘৰত তালাচী চলাই উদ্ধাৰ কৰে নিচাযুক্ত সামগ্ৰীখিনি ৷
বিক্ৰিৰ উদ্দেশ্য অনা হৈছিল নিচা়যুক্ত সামগ্ৰীখিনি আৰক্ষীৰ পৰা জানিব পৰা গৈছে।
