ফকিৰগঞ্জ আৰক্ষী চকীৰ এচ আই সঞ্জীৱ মজুমদাৰক নিলম্বন।

ফকিৰগঞ্জ আৰক্ষী চকীৰ এচ আই সঞ্জীৱ মজুমদাৰক নিলম্বন।



আৰক্ষী বিষয়া সঞ্জীৱ মজুমদাৰৰ সৈতে এজন দালালৰ মাজত এটা গোচৰক লৈ চলিছিল দৰদাম ।
ছচিয়াল মিডিয়াত ভিডিও প্ৰচাৰ হৈছিল দুয়োৰে মাজত গোচৰৰ দৰদামৰ । ভিডিও প্ৰচাৰ হোৱাৰ পিছতে নিলম্বন কৰে আৰক্ষী বিষয়া সঞ্জীৱ মজুমদাৰক।

ড্ৰাগছৰ গোচৰ লৈ চলিছিল দৰদাম দুয়োৰে মাজত ।

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ আৰক্ষী অধীক্ষক হৰেণ টকবী ফকিৰগঞ্জ আৰক্ষী চকীত উপস্থিত হৈ সাংবাদিকৰ আগত প্ৰকাশ কৰে আৰক্ষী বিষয়া সঞ্জীৱ মজুমদাৰৰ নিলম্বনৰ কথা।
যদিও এতিয়া লৈকে দালাল কাশেম আলীক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই ফকিৰগঞ্জ আৰক্ষীয়ে।
আৰু আৰক্ষী অধীক্ষক হৰেণ টকবীয়ে কয় যে বাল্য বিবাহ, ড্ৰাগছ মাফিয়া, গো মাফিয়া আদিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষীয়ে , ফকিৰগঞ্জ আৰক্ষীয়ে যোৱা নিশা বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলাই আটক কৰে বিয়া পাতিবলৈ অহা দৰাৰ লগতে বিবাহৰ কাম সম্পূৰ্ণ কৰা কাজি গৰাকীক । মুঠতে সকলো অবৈধ অনৈতিক কামৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা হাতত ল’ব দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ আৰক্ষী অধীক্ষ হৰেণ টকবীয়ে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *