পৰ্বতঝোৰা আৰু মহামায়া বনাঞ্চলত বনদস্যুই চলাইছে ধ্বংস যজ্ঞ

বিলাসীপাৰা মহকুমাৰ সীমান্তৱৰ্তী পৰ্বতঝোৰা আৰু মহামায়া বনাঞ্চলত বনদস্যুই চলাইছে ধ্বংস যজ্ঞ ।তেনে বনদস্যুৰ বিৰুদ্ধে খোৰাঘাট বনাঞ্চলিকৰ বিষয়া কৰ্মীৰ অভিযান ।
অভিযানত চোৰাং শাল কাঠৰ কুণ্ডা ভৰ্তি ট্ৰেক্টৰ জব্দ কৰিবলৈ সক্ষম হয় ।
খোৰাঘাট বনাঞ্চলিকৰ নুনখোৱা অঞ্চলত জব্দ কৰে চোৰাং কাঠ ভৰ্তি ট্ৰেক্টৰ খন ।
অৱশ্যে বন বিষয়া কৰ্মীৰ উপস্থিতিৰ উমান পাই বনদস্যু সকলে পলাই যায় ।
পিছত জব্দ কৰা কাঠ আৰু ট্ৰেক্টৰ খন খোৰাঘাট বন বিষয়াৰ কাৰ্যালয়লৈ নিয়ে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *