প্ৰশ্নকাকত ফাদিল আৰু পৰীক্ষা বাতিল সন্দৰ্ভত বিজনীত এবছুৰ প্ৰতিবাদ

প্ৰশ্নকাকত ফাদিল আৰু পৰীক্ষা বাতিল সন্দৰ্ভত বিজনীত এবছুৰ প্ৰতিবাদ।পৰীক্ষা সুচাৰুভাৱে পাতিব নোৱাৰা শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী।হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ফাদিল আৰু পৰীক্ষা বাতিল হোৱা কাণ্ডক লৈ সৰব হৈ উঠিছে বিজনী আঞ্চলিক এবছু।প্ৰশ্নকাকত ফাদিল হোৱা বিষয়ৰ ওপৰত সমগ্ৰ অসমত বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে চিৰাং জিলাৰ বিজনীতো বিজনী আঞ্চলিক এবছুৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়।এবছুৱে বিজনী মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰশ্নকাকত ফাদিল কৰা কাৰ্যত জড়িত লোকক শাস্তিৰ দাবী উত্থাপন কৰাৰ লগতে মেট্ৰিকৰ দৰে পৰীক্ষা এটা ভালদৰে পাতিব নোৱাৰা শিক্ষামন্ত্ৰী আৰু ছেবাক অকৰ্মণ্য আখ্যা দিয়ে।এই ক্ষেত্ৰত শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী উত্থাপন কৰে এবছুৱে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *