পেঙেৰি মুগংপথাৰ পৰা বিবাহিত মহিলা নিৰুদ্দেশ

পেঙেৰি মুগংপথাৰ পৰা বিবাহিত মহিলা নিৰুদ্দেশ

মাৰ্ঘেৰিটাৰ পৰা সঘনাই যুৱতী মহিলা নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰি থকা মাজতে পুনৰ বিনু বৰকটকীৰ নাম এগৰাকী ৩৫ বছৰীয়া বিবাহিত মহিলা নিৰুদ্দেশ হোৱা ঘটনা পোহৰলৈ আহিছে। পেঙেৰি আৰক্ষীৰ থানাৰ অন্তৰ্গত মুগংপথাৰ গাঁৱৰ নিৱাসী মনদীপ বৰকটকীৰ পত্নী চাৰি ডিচেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছে। পৰিয়ালৰ লোকৰ পৰা জানিব পৰা অনুসৰি দেওবাৰে আবেলি কাপোৰ চিলাবলৈ বুলি ঘৰৰ পৰা বজাৰলৈ ওলাই যোৱা পিছৰে পৰা নিৰুদ্দেশ হৈ আছে মহিলা গৰাকী। বহু বিছাৰ খোছাৰ কৰাৰ পিছতো পৰিয়ালৰ লোকে যুৱতী গৰাকীৰ কোনো সুংসূত্ৰ উলিয়াৱলৈ সক্ষম নোহোৱাত নিৰুদ্দিষ্ট মহিলা গৰাকী স্বামীয়ে ইতিমধ্যে পেঙেৰি আৰক্ষী থানাত মহিলা গৰাকী নিৰুদ্দেশ সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছে।উল্লেখ্যে যে ইয়াৰ পূৰ্বেও পেঙেৰিৰ পৰা বহু কেই গৰাকীৰ যুৱতী বোৱাৰী নিৰুদ্দিষ্ট হৈছে।অঞ্চলবাসীয়ে স্থানীয় আৰক্ষী প্ৰশাসনক নিৰুদ্দিষ্ট মহিলা গৰাকীৰ উদ্ধাৰৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *