পুত্ৰই কুঠাৰেৰে ঘপিয়ালে মাতৃক
আজি ১১.৩০ বজাত মায়ং অঞ্চলৰ মুৰবড়ী গাওঁত নিজ পুত্ৰই মাতৃক কুঠাৰে ঘপিয়াই হত্যা কৰাৰ দৰে এটা লোমহৰ্ষক ঘটনা ঘটে।
ঘটনাক্ৰমে ঘৰুৱা কামত ব্যস্ত হৈ থকাৰ সময়তে নাৰায়ণ নাথ নামৰ পুত্ৰই মাতৃক পিছফালৰ পৰা কুঠাৰেৰে ডিঙিত ঘাপ দিয়ে।
কি কাৰণে ঘটনা সূত্ৰপাত ঘটে তাৰ বিষয়ে ওচৰ চুবুৰীয়া কিম্বা ঘৰত আন সদস্যই একো গম নাপায়। কিছু সময়ৰ পাচত চুবুৰীয়া লোকে মায়ং থানাত খবৰ দিয়াত থানাৰ লোক ঘটনাস্থলী উপস্হিত হৈ ল’ৰাজনক আটক কৰি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
চুবুৰীয়া লোকৰ পৰা জানিব পৰামতে তামিনাড়ুত শ্ৰমিক হিচাপে কাম কৰি থকাৰ সময়ত ভাড়াঘৰতে নিজ গৰ্ভৱতী পত্নীক কেৰাচিন ঢালি জুই লগাই দি জেল খাটি আহিছিল।
জেলৰ পৰা আহিয়েই মুৰবড়ী গাওঁ নামঘৰত পূজা অৰ্চনা কৰি থকা গাঁৱৰ ৰসিক নাথ নামৰ দেওৰি এজনক কুঠাৰেৰে পেটত আঘাত কৰি গুৰুতৰ ভাৱে আহত কৰি পুনৰ জেল ভাত খাইছিল।
আজি কিছুদিন পূৰ্বে জেলৰ পৰা ওলাই আহি আজি নিজ মাতৃ যোগেমাই দেৱীক হত্যা কৰে।
