পানীৰ মাজতে এখন ব্যতিক্ৰমী বিয়া

71

ঐ ৰাম বিয়া হে…।কেউফালে পানী আৰু পানী আৰু তাৰ মাজতে সুকলমে সম্পন্ন হ’ল এখন বিবাহ।নগাঁও জিলাৰ লাওখোৱা ২ নং ভূৰবন্ধাৰ নিবাসী ব্ৰজেন্দ্ৰ মণ্ডল আৰু জয়মতী মণ্ডলৰ কন্যা শিল্পী মণ্ডলৰ বিবাহ চলি থকাৰ মাজতে আহিল ব্ৰহ্মপুত্ৰৰ বলীয়া বান। উত্তৰ ভেলৌগুৰিৰ দৰা সুৰজিৎ মণ্ডল ৰ সৈতে কইনা শিল্পী মণ্ডলৰ বিবাহ পানীৰ মাজতে সম্পন্ন হ’ল যদিও দৰা কইনা ঘৰলৈ বুলি উভতিব লগা হ’ল কলৰ ভূৰত। পানীৰ মাজতে বেণ্ড পাৰ্টিয়ে বেণ্ড বজাই আনন্দত আত্মহাৰা হৈ পৰিল দৰা আৰু কইনাঘৰীয়া সকলো। ১৫দিন আগতে ঠিক হৈছিল দুয়োৰে বিবাহৰ দিন কিন্তু ব্ৰহ্মপুত্ৰৰ বাঢ়নীয়ে পানীয়ে লগালে কেনা পানীৰ মাজতেই সুকলমে সম্পন্ন হল বিবাহ।কলৰ ভুৰেৰে দৰাৰ ঘৰলৈ উভতিল কইনা আৰু দৰা।