পশ্চিম নলবাৰীত পুনৰ চোৰৰ উপদ্ৰৱ ।
ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে লুটি লৈ গ’ল নগদ ধন সহ আ অলংকাৰ।
পশ্চিম নলবাৰীৰ খাতাৰুপীয়াবাথানৰ অৰ্জুন বৰ্মনৰ ঘৰত চোৰে চলাই লুটপাত।
সোমবাৰে সংঘটিত হয় এই চুৰিকাণ্ডৰ ঘটনা।
খিৰিকীৰ গ্ৰীল ভাঙি বাসগৃহত প্ৰৱেশ কৰিছিল চোৰে ৷
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত।
