পথাৰত বোকা-পানী খচকি ভূঁই ৰুলে মন্ত্ৰী অশোক সিংহলে

পথাৰত বোকা-পানী খচকি ভূঁই ৰুলে মন্ত্ৰী অশোক সিংহলে ৷ নিজৰ পুখুৰিত মৎস্য পালন, হাঁহ পালন, গাই গৰু পালনেৰে সকলোকে কাম কৰিবলৈ আহ্বান মন্ত্ৰী সিংহালৰ ৷ এইবাৰ ৰোৱনীৰ সৈতে পথাৰত ভূঁই ৰুই থকা দেখাগ’ল মন্ত্ৰী অশোক সিংহলক ৷ ঢেকিয়াজুলিৰ বিধায়ক সেৱা কেন্দ্ৰৰ পিছফালে কেইবাবিঘা মাটিত ধান খেতি কৰাৰ সমান্তৰালকৈ এটা বিশাল পুখুৰি খান্দি মৎস্যপালন, হাঁহ পালন, গাই গৰু পালন কৰা ঢেকিয়াজুলিৰ বিধায়ক তথা মন্ত্ৰী অশোক সিংহলে পুখুৰিৰ পাৰে পাৰে মধুৰিয়াম গছ, কলগছৰ খেতিও কৰিছে ৷ কিন্তু আজি এই গৰাকী মন্ত্ৰীক দেখাগ’ল অন্য এক ৰূপত ৷ গামোচা পিন্ধি লেংটি মাৰি , বোকা পানী গছকি খচকি ৰোৱনী হঁতৰ লগত মন্ত্ৰী নামিছে ভূঁই ৰুবলৈ ৷ নৱ প্ৰজন্মক উৎসাহ যোগাবলৈ তথা কাম কৰিবলৈ প্ৰেৰনা দিয়াৰ উদ্দেশ্যেই নিজে নিজৰ খেতি পথাৰত নামি পৰা মন্ত্ৰী সিংহলে কিন্তু কথাৰ মাজতে আমাৰ সাংবাদিকৰ আগত প্ৰকাশ কৰিলে এক তাৎপৰ্য পূৰ্ণ মন্তব্য ৷ মন্ত্ৰীয়ে ক’লে – চৰকাৰে ধান কিনিছে ৷ মানুহে সেয়ে খেতি কৰিছে ৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *